ওদালগুৰিঃ ধৰ্ষণৰ গোচৰৰ অভিযুক্ত এগৰাকী লোকক শুকুৰবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহে ওদালগুৰি সত্ৰ ন্যায়াধীশে৷ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী গাঁৱৰ সৌমদশ্ৰী দৈমাৰী(২৩) নামৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত নৃপেন বড়ো নামৰ লোক এজনক ওদালগুৰি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।
সংঘটিত ঘটনা অনুসৰি টংলাৰ মাগন চুবাৰ নৃপেন বড়ো আৰু পানেৰীৰ বগৰীবাৰী গাওঁৰ সৌমদশ্ৰী দৈমাৰীৰ মাজত আছিল এক দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। ২০১৫ চনৰ ৩ এপ্ৰিলত নৃপেনে লগ কৰাৰ উদ্দেশ্যে প্ৰেমিকাক ফোন কৰি পানেৰী থানাৰ অন্তৰ্গত ধুপগুৰি গাঁৱৰ নোনাই নৈৰ পাৰলৈ আহিবলৈ প্ৰস্তাৱ দিয়ে। উক্ত স্থানতে নৃপেনে সৌমদশ্ৰী দৈমাৰীক ধৰ্ষণ কৰে।