গোৱালপাৰাঃ ৰাজ্য চৰকাৰে এটাৰ পিছত এটা গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক জেলত আৱদ্ধ কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷ যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ৰাজ্য চৰকাৰে জেলত বন্দী কৰি ৰখা অখিলক জেলত বন্দী হৈ থকাৰ মাজতে একেটা মাহৰে ২৫ ছেপ্তেম্বৰত অখিলে যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছিল চৰকাৰে৷
২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈক এনএছএৰ পৰা মুক্ত কৰাৰ পিছতে অখিল গগৈয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি ভবা হৈছিল৷ ২২ ডিচেম্বৰত ডিব্ৰুগড় আদালতে অখিলক জামিন দিয়ে৷ ৰাজ্য চৰকাৰ তাৰ পিছতো বহি নাথাকিল৷ পুনৰ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাত ৰুজু হৈ থকা ১১২/২০১৭ নম্বৰৰ এটা গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰি গোৱালপাৰালৈ লৈ আহে৷ দেওবাৰে গোৱালাপাৰ আদালতত কৃষক নেতাগৰাকীক আৰক্ষীয়ে হাজিৰ কৰে৷