দীঘলীয়া কাৰাবন্দিত্ব আৰু একাধিকবাৰ অলেখ প্ৰকাৰে বাতৰিৰ শিৰোনাম দখলৰ অন্তত অৱশেষত বেলমাৰ্চ কাৰাগাৰৰ পৰা মুকলি হ’ল ৱিকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাঞ্জে। বৰ্তমান বীৰত্ব আৰু বিতৰ্ক দুয়োটাৰে প্ৰতীক আছাঞ্জে আমেৰিকাৰ ফেডাৰেল প্ৰচিকিউটৰৰ সৈতে সম্পন্ন কৰা চুক্তিৰ ওপৰত দৃষ্টি নিৱদ্ধ আছিল সমগ্ৰ বিশ্বৰ। এতিয়া চোৰাংচোৱা আইনৰ অধীনত থকা অভিযোগত দোষ স্বীকাৰ কৰা এই স্বীকাৰোক্তি চুক্তিয়ে অন্ত পেলালে আছাঞ্জেৰ জীৱনৰ এক নাটকীয় অধ্যায়ৰ।
সুদীৰ্ঘ ৫ বছৰ সময় ব্ৰিটিছ কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ পিছত আমেৰিকাৰ সৈতে চুক্তি সম্পন্ন কৰি ব্ৰিটেইনৰ পৰা আমেৰিকালৈ ৰাওনা হৈছে আছাঞ্জে। আমেৰিকাৰ সৈতে হোৱা চুক্তি অনুসৰি, আছাঞ্জেই আদালতত চোৰাংচোৱাগিৰিৰ গোচৰত নিজৰ দোষ স্বীকাৰ কৰিব। ইয়াৰ বাবে তেওঁ বুধবাৰে দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত উত্তৰ মাৰিয়ানা দ্বীপপুঞ্জৰ আদালতত হাজিৰ হ’ব। আমেৰিকাৰ ন্যায়িক পক্ষই প্ৰথমে আছাঞ্জেৰ বিৰুদ্ধে ১৮টা গোচৰত বিচাৰ বিচাৰিছিল। এই গোচৰসমূহৰ অধিকাংশই ইৰাক আৰু আফগানিস্তানৰ যুদ্ধৰ সৈতে জড়িত নথি-পত্ৰ ফাদিল হোৱাৰ সৈতে জড়িত আছিল।