গুৱাহাটীঃ শিক্ষা ব্যৱস্থাক বাণিজ্যকৰণ কৰি একাংশ লোকে গঢ় দিয়া বিদ্যালয়সমূহ নিজ মই মতালিৰে চলাই অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হোজাই জিলাত।
জানিব পৰা মতে, জিলাখনৰ মোৰাঝাৰস্থিত জ্ঞানজ্যোতি একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়খন কৰ্তৃপক্ষই হঠাৎ বন্ধ কৰি দিয়ে৷ ২০১৬ বৰ্ষত স্থাপন কৰা জ্ঞান জ্যোতি কন্যা কনিষ্ঠ মহাবিদ্যালয়ত প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছিল ৮-৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷