newsnextone ৮অক্টোবৰ নগাঁওঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ২৬ গৰাকী সাংবাদিকক অসম চৰকাৰৰ জনসংযোগ বিভাগে প্ৰদান কৰা সাংবাদিকৰ স্বীকৃতি পত্ৰ আজি আনুষ্ঠানিকভাবে প্ৰদান কৰা হয়।এই উপলক্ষে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত নগাঁও জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাই সাংবাদিক সকলক আনুষ্ঠানিক ভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰে।স্বীকৃতি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত উন্নয়ন আয়ুক্ত গৰাকীয়ে অসম চৰকাৰে ৰাজ্যখনৰ সাংবাদিক সকলৰ কল্যাণৰ বাবে গ্ৰহন কৰা পদক্ষেপৰ বিষয়ে আলোকপাত কৰি সাংবাদিক সকলক এই সুবিধা গ্ৰহন কৰিবলৈ আহ্বান জনায়।
