চাবুৱাঃ যি সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে ২০১২ৰ ১৬ ডিচেম্বৰৰ দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰি এক নজিৰ স্থাপন কৰিছে, সেই সময়তে অসমত ইয়াৰ সম্পূৰ্ণ বিপৰীত ঘটনা সংঘটিত হৈছে। ধৰ্ষণকাৰীয়ে শাস্তি লাভ কৰাটো দূৰৰে কথা, এনে জঘন্য অপৰাধত লিপ্তক আৰক্ষীয়ে ৰেহাই দিয়াৰ অভিযোগ উঠিছে।
ডিগবৈ বিজেপিৰ জয়প্ৰকাশ গুপ্তা নামৰ এজন নেতাৰ ঘৰৰ পৰা ১৮ এপ্ৰিলৰ দিনা এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে পলায়ন কৰে। পাছত তেওঁক স্থানীয় এটা সংগঠনৰ নেতৃত্বই টিংৰাইত উদ্ধাৰ কৰি ডিগবৈ আৰক্ষী থানালৈ নি গোচৰ ৰুজু কৰে।