71
ডিজিটেল ডেস্কঃ জি এছ খেহৰৰ অৱসৰৰ পিছত দেশৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হব দীপক মিশ্ৰ। জ্যেষ্ঠতাৰ ভিত্তিত তেওঁ সৰ্বোচ্চ ন্যায়লয়ৰ পৰৱৰ্তী মুখ্য বিচাৰপতি হিচাপে নিযুক্তি লাভ কৰিছে। এই বিষয়ে ঘোষণা কৰিছে দেশৰ আইন মন্ত্ৰণালয়ে।
তদানুসৰি খেহৰে পদৰ পৰা অহা ২৭ আগষ্টত অৱসৰ গ্ৰহণ কৰিব। তেওঁৰ পিছতে দায়িত্ব গ্ৰহণ কৰিব দীপক মিশ্ৰই। তেওঁ অহা বৰ্ষৰ অক্টোবৰ পৰ্যন্ত এই পদত কাৰ্যনিৰ্বাহ কৰিব।