ডিজিটেল ডেস্কঃ গণ ধৰ্ষণ কাণ্ডই দেশ কঁপাইছে৷ দেশৰ নাগৰিক ৰাজপথলৈ ওলাই আহি নিন্দা কৰিছে এই কাণ্ডক৷ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে দেশত সংঘটিত ধৰ্ষণ, নাৰী নিৰ্যাতন-কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডৰ ঘটনাক গৰহণা দি দোষীক শাস্তি দিয়াৰ পোষকতা কৰিছে জনগণে৷ 

উত্তৰ প্ৰদেশৰ উন্নাও, জম্মু কাশ্মীৰৰ কাঠুৱা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে দেশ গৰজি উঠিছে৷ ৮ বছৰৰ শিশু কন্যাক পখিলা খেদাৰ বয়সতে অমানবীয় শাস্তি দি হত্যা কৰাৰ ঘটনাক নিন্দা কৰিছে সকলো পক্ষই৷ ছচিয়েল মিডিয়াত প্ৰতিবাদৰ জোৱাৰ উঠিছে৷

অপৰাধীৰ ফাঁচী দিয়াৰ দাবী উত্থাপন হৈছে৷ বৃহস্পতিবাৰে নিশা দিল্লীৰ জনগণ ৰাজপথলৈ ওলাই আহে৷ হাতে হাতে মম জ্বলাই নাৰী-শিশুক সুৰক্ষা আৰু অপৰাধীক ধৰি শাস্তি দিয়াৰ দাবী উত্থাপন কৰে৷ ইণ্ডিয়া গেটত পুৰুষ-মহিলাই হাতত মম জ্বলাই প্ৰতিবাদ জনায়৷ দেশৰ বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী, ৰাজনেতা ওলাই আহি প্ৰতিবাদ জনায় নৃশংস কাণ্ডৰ৷

সাধাৰণ জনতাৰ লগতে বহু চেলিব্ৰেটিয়ে নৃশংস কাণ্ডৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে৷ অভিনেত্ৰী অনুস্কা শৰ্মাই টুইট কৰি কয় ‘‘চয়তানৰ এয়া নৃশংক ৰূপ৷ চয়তানে নিষ্পাপ শিশুক ক্ষতি কৰিলে৷ আমি এই পৃথিৱীত বাস কৰিছো৷ ইয়াত এইবোৰ কি হৈছে? এই ধৰণৰ মানুহক শাস্তি দিয়া হওঁক৷ আঘাত পাইছো৷’’

টেনিচ কাৰকা ছানিয়া মিৰ্জাই কয় যে যদি ৮ বছৰৰ শিশুৰ বিৰুদ্ধে গৰজি উঠিব নোৱাৰো তেন্তে পৃথিৱীৰ কোনোও কাৰো বাবে গৰ্জি উঠিব নোৱাৰিব৷ মানবতাৰ বাবে৷ অন্তৰত যন্ত্ৰণা হৈছে৷

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীও এই প্ৰতিবাদত অংশ লয়৷ শুকুৰবাৰে টুইট কৰি ৰাহুল গান্ধীয়ে কিশোৰী আৰু মহিলাৰ হিংসাৰ ঘটনাৰ বিৰুদ্ধে হাজাৰ হাজাৰ পুৰুষ মহিলাই ৰাজ পথলৈ আহে বুলি কয়৷ তেওঁ সকলোৰে প্ৰচেষ্টা যাতে বিফল নহয় বুলি কয়৷ আনহাতে ছচিয়েল মিডিয়াত ডিপি সলনি কৰি নিজৰ প্ৰফাইল সলনি কৰিছে দেশৰ হাজাৰ হাজাৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে৷