ডিজিটেল ডেস্কঃ ভাৰতীয় আইন ব্যৱস্থাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এনে হৈছে য’ত এজন ন্যায়াধীশক দোষী সাব্যস্ত কৰিছে উচ্চতম ন্যায়ালয়ে। দেশৰ সৰ্বোচ্চ ন্যায়লয়খনক অৱমাননা কৰাৰ অপৰাধত ৬ মাহৰ বাবে জেললৈ যাবলগীয়া হ’ল কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চি এচ কাৰ্নান।
আজি উচ্চতম ন্যায়ালয়ৰ ৭ জনীয়া সাংবিধানিক বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কলকাতা আৰক্ষীক কাৰ্নানক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ তদুপৰি সংবাদ মাধ্যমকো কৰ্ণনৰ ভাষ্য প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিছে ৷