newsnextone.com | ডিজিটেল ডেস্কঃ এটা সময় আছিল যেতিয়া কোনো অসমীয়াই ৰাষ্ট্ৰীয় প্ৰযায়ত মৰ্যাদা লাভ কৰিলে সেয়া এক অকল্পনীয় অথৱা অসম্ভৱ সত্য হিচাপে গন্য কৰা হৈছিল৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া অসমৰ মাটি, পানীত ডাঙৰ হোৱা খাটি অসমীয়াই ৰাষ্ট্ৰীয় পৰ্যায়টো বাদেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে৷
কিছুদিন পূৰ্বে এগৰাকী অসমীয়া কন্যা অভিস্কা বৰুৱাই বিমান সেৱাৰ প্ৰথমগৰাকী অসমীয়া মহিলা পাইলট হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত দুটা ৰূপৰ আৰু এটা স্বৰ্ণ পদক জয় কৰি ধিং এক্সপ্ৰেছ হিমা দায়ে বিশ্ববাসীৰ সন্মুখত অসমক জিলিকাই তুলিবলৈ সক্ষম হৈছে৷ ইয়াৰ পিছতে পুনৰ এক ভাল খবৰে এইবাৰ অসমীয়াক গৌৰৱাম্বিত কৰি তুলিবলৈ গৈ আছে৷