নগাঁওঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো বড়োধানৰ খেতিত ধানৰ পৰিৱৰ্তে পতান ওলোৱাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে জিলাখনৰ কৃষকক ভাৰতীয় মৰাপাট নিগমে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ কৃষকসকলে অভিযোগ কৰা মতে, ভাৰতীয় মৰাপাট নিগমে জিলাখনৰ কৃষকক যোগান ধৰা মৰাপাটৰ বীজৰ পৰা উৎপন্ন হোৱা গছপুলি দুমাহৰ পিছতো লক্ষণীয়ভাৱে বৃদ্ধি নহ’ল ৷
কৃষি বিভাগে প্ৰদান কৰা ধান,মাহ,সৰিয়হ আদিৰ বীজৰ পৰা ফচলৰ পৰিবৰ্তে পতানহে উৎপাদন হোৱাৰ ঘটনাই সৰ্বতে তীব্ৰ প্ৰতিক্ৰিয়াই আৱৰি ধৰাৰ সময়ে অনুৰূপ ঘটনা মৰাপাটৰ ক্ষেত্ৰত সংঘটিত হৈছে নগাঁৱৰ ডাকৰঘাট অঞ্চলত ৷ জানিব পৰা মতে, বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলক ভাৰতীয় মৰাপাট নিগমে প্ৰতি কিলোগ্ৰাম বীজৰ বিপৰীতে সুলভ মূল্যত ১৩৫ টকা দৰত মৰাপাটৰ বীজ যোগান ধৰিছিল৷