ডিব্ৰুগড়ঃ বুধবাৰে অসমীয়া ভাষা সাহিত্য, নাটক, বোলছবিৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যবাসীয়ে স্মৰণ কৰে৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা আৰু ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোৱালি লোৱা জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাজ্যৰ শ্ৰদ্ধাঞ্জলি যাচে৷ ৰাজ্যখনৰ দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাক সশ্ৰদ্ধ প্ৰণিপাত জনায়৷
আনহাতে জ্যোতিবন্দনাৰে মুখৰিত হয় তেজপুৰ চহৰ। জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰোৱাস্থিত সমাধিত পুৱাৰে পৰা শিল্পী গৰাকীৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ৰাজ্যবাসীয়ে কাণ্ডাৰিগৰাকীক স্মৰণ কৰাৰ সময়তে এখন প্ৰতিচ্ছবিয়ে এটি জাতীয় সংগঠনৰ প্ৰতিশ্ৰতিক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ ডিব্ৰুগড় জিলাৰ বৰপথাৰত ‘জ্যোতি উদ্যান’ নামেৰে আছে কাণ্ডাৰিগৰাকীৰ নামত এখন উদ্যান৷ মন্ত্ৰী, বিধায়ক, জাতীয় দল-সংগঠনৰ নেতাই ডিঙিত গামোছা লৈ ভাষা, সাহিত্য ৰক্ষা, পূৰ্বপুৰুষৰ স্মৃতি ৰক্ষাৰ নামত বৰ বৰ ভাষণ ৰাখে যদিও অৱহেলিত হৈ থাকিল ‘জ্যোতি উদ্যান’৷