প্ৰতিকি ফটো
প্ৰতিকি ফটো

ৰঙিয়াঃ অহা ২৩-২৬ মাৰ্চলৈ উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কেন্দুকোনা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ৰঙিয়াৰ কেন্দুকোনাত অনুষ্ঠিত হ’ব ১০ সংখ্যক ছাব জুনিয়ৰ আন্তঃজিলা কাবাডী প্ৰতিযোগিতা৷

অসম কাবাদী সন্থাই পৰিচালনা কৰা প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাক সভাপতি, কেন্দুকোনাৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোলোক মহন্তক কাৰ্যকৰী সভাপতি আৰু মোজাম্মিল মুস্তাজিনক সম্পাদক হিচাপে লৈ আয়োজক সমিতি গঠন কৰা হৈছে৷

প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা প্ৰতিোগিতা খনত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ দলে অংশ গ্ৰহণ কৰিব৷