নগাঁওঃ  ১৯৬৫ চনত স্থাপিত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অগ্ৰনী শিক্ষানুষ্ঠান কান্ধুলীমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে পঞ্চাশটি বৰ্ষ অতিক্ৰম কৰিছে। সেয়ে গৌৰৱোজ্জ্বল পঞ্চাশ বছৰ গৰকা উপলক্ষে কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহৰ আয়োজন কৰা হৈছে। 

কাৰ্যসূচী অনুসৰি কাইলৈ প্ৰথম দিনা পুৱা ৮ বজাত মৰহুম জুবেদ আলী চৰকাৰ সোঁৱৰণী বিদ্যালয়ৰ মুখ্যদ্বাৰ মুকলি কৰাৰ পিছতে ৯ বজাত বিদ্যালয়ৰ মূল পতাকাৰ লগতে সোনালী জয়ন্তী উপলক্ষে আন ৫০ খন পতাকা উত্তোলন কৰা হব। ১০.৩০  আলহাজ মৰহুম ছিৰাজুল ইছলাম চৰকাৰৰ কৱৰ জিয়াৰত আৰু ১১ বজাত থলুৱা জনগোষ্ঠীয় খেল-ধেমালি অনুষ্ঠিত হ’ব ৷ বিয়লি ১ বজাত 'সামাজিক মাধ্যমৰ ব্যৱহাৰে ছাত্ৰ সমাজৰ প্ৰগতি আনিছে' শীৰ্ষক বিষয়ৰ আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা,২.৩০ বজাত বিজ্ঞান ভিত্তিক প্ৰদৰ্শনী, ৩ বজাত স্বাস্থ্য সম্পৰ্কীয় বক্তৃতানুষ্ঠান আৰু ৪ বজাৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হব। 

দ্বিতীয় দিনা পুৱা ৮.৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰিব অভিনেতা নয়ন নিৰ্বান বৰুৱাই। দুপৰীয়া ১১ বজাৰ পৰা মম জ্বলোৱা, কলগছ বগোৱা, ৰচী টনা আৰু যোগ প্ৰদৰ্শনৰ অন্তত ২ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান আৰু ৫ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । আনহাতে,অন্তিম দিনা পুৱা চাফাই অভিযানৰ পিছতে ৯ বজাৰ পৰা আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা, ১১ বজাত গুৰু-শিষ্যৰ মিলন সমাৰোহ আৰু ১ বজাত মুকলি সভাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে অংশগ্ৰহন কৰিব। বিয়লি ৪ বজাত আতচবাজী প্ৰদৰ্শনৰ অন্তত ৫ বজাৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। সেয়ে কান্ধুলীমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই  সোণালী জয়ন্তীৰ সামৰণি সমাৰোহৰ সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডা০ ৰিয়াজ উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক ডা০ মফিজুৰ ৰহমান চৌধুৰীয়ে