119
নগাঁওঃ ১৯৬৫ চনত স্থাপিত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অগ্ৰনী শিক্ষানুষ্ঠান কান্ধুলীমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে পঞ্চাশটি বৰ্ষ অতিক্ৰম কৰিছে। সেয়ে গৌৰৱোজ্জ্বল পঞ্চাশ বছৰ গৰকা উপলক্ষে কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তীৰ সামৰণি সমাৰোহৰ আয়োজন কৰা হৈছে।