Home ৰাজ্যপ্ৰাক্তন আইটিডিপিৰ অধ্যক্ষ কৈলাশ মজুমদাৰৰ মৃত্যু

প্ৰাক্তন আইটিডিপিৰ অধ্যক্ষ কৈলাশ মজুমদাৰৰ মৃত্যু

by News Desk
55 views
A+A-
Reset

গোৰেশ্বৰঃ প্ৰাক্তন ৰঙিয়া মহকুমা আই টি ডি পিৰ অধ্যক্ষ, সমাজকৰ্মী তথা গোৰেশ্বৰ টাউনৰ বাসিন্দা কৈলাশ মজুমদাৰে ৫০ বছৰ বয়সত মঙলবাৰে মৃত্যুক আকোৱালি লয়৷ সোমবাৰে গোৰেশ্বৰ টাউনস্থিত নিজ ঘৰত হঠাৎ অসুস্থ হৈ পৰে প্ৰাক্তন আই টি ডি পি অধ্যক্ষগৰাকী৷ পৰিয়ালৰ লোকে মজুমদাৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ততাতৈয়াকৈ ভৰ্তি কৰে৷ কেবাটাও ৰোগত আক্ৰান্ত মজুমদাৰক চিকিৎসাধীন অৱস্থাতে মঙলবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰে৷

মৃত্যুৰ আগমুহূৰ্তলৈকে গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত মজুমদাৰে ৮০ৰ দশকত পানেৰী বিধানসভা সমষ্টিত তৃণমুল কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ পিছলৈ কংগ্ৰেছত যোগজান কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যনিৰ্বাহক পদবীতো কাৰ্যনিৰ্বাহ কৰিছিল৷ অবিভক্ত কামৰূপ জিলা কংগ্ৰেছৰ আগশাৰীৰ নেতা আছিল মজুমদাৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0