নতুন দিল্লীঃ শান্তিৰ ন’বেল বঁটা প্ৰাপক কৈলাশ সত্যাৰ্থীয়ে বিজেপি কেতবোৰ নেতাৰ মহাত্মা গান্ধী আৰু নাথুৰাম গদছেৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে মুখ খুলিছে৷ 

ভূপাল লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মালেগাঁও বোমা বিস্ফোৰণৰ অভিযুক্ত প্ৰজ্ঞা সিং ঠাকুৰে কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গদছে এজন ‘দেশভক্ত’ আছিল৷ 

শিশুসকলৰ অধিকাৰৰ হকে কাম কৰা ৬৫ বছৰ বয়সীয়া সত্যাৰ্থীয়ে কয় যে মহাত্মা গান্ধী ক্ষমতা আৰু ৰাজনীতিৰ বহু উৰ্ধত৷ প্ৰজ্ঞা ঠাকুৰৰ দৰে লোকসকলে মহাত্মা গান্ধীক সমালোচনা কৰি ভাৰতৰ আত্মাক হত্যা কৰিছে৷ প্ৰজ্ঞাৰ দৰে লোকসকলক দলৰপৰা নিলগত ৰাখি বিজেপিয়ে ‘ৰাজধৰ্ম’ পালন কৰিব লাগে বুলি তেওঁ আহ্বান জনায়৷

তেওঁ লগতে কয়, গান্ধীজীক নাথুৰাম গদছে কায়িকভাৱে হত্যা কৰিছিল৷ কিন্তু প্ৰজ্ঞাৰ দৰে লোকসকলে অহিংস নীতি, শান্তি আৰু সহিষ্ণুতাকে ধৰি গান্ধীজিৰ আত্মাক হত্যা কৰিবলৈ ধৰিছে৷ 

প্ৰজ্ঞা ঠাকুৰে গদছে সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল৷ তেওঁ কয় যে গান্ধীজী বা গদছে সন্দৰ্ভত কৰা এনে মন্তব্য সমাজৰ বাবে বৰ বেয়া৷ ‘‘প্ৰজ্ঞাই নিজৰ মন্তব্যৰ পাছত ক্ষমা প্ৰাৰ্থনা কৰিছে৷ কিন্তু মই তেওঁক কেতিয়াও সম্পূৰ্ণৰূপে ক্ষমা কৰিব নোৱাৰোঁ৷’’ এনেদৰে মন্তব্য আগবঢ়াইছিল প্ৰধানমন্ত্ৰী মোডীয়ে৷