newsnextone.com | ৰঙিয়াঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন দত্তক এগৰাকী লোকৰ পৰা ৬০ হাজাৰ টকা লৈ থকা অৱস্থাতে হাতে লোটে ধৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে৷ জানিব পৰা মতে, শুকুৰবাৰে কাজিয়াৰ গোচৰত অভিযুক্ত পক্ষৰ পৰা ৬০ হাজাৰ টকা দাবী কৰিছিল ভাৰপ্ৰাপ্ত বিষয়া মুনীন দত্তই৷ ৬০ হাজাৰ টকা দিবলৈ অমান্তি হোৱাত ন্যায়ালয়ে প্ৰদান কৰা জামিন নিৰ্দেশৰ কপি গ্ৰহণ কৰা নাছিল বিষয়াগৰাকীয়ে৷

তাৰ পিছতে লোকজনে মোবাইল যোগে গুৱাহাটীস্থিত দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দাখিল কৰে৷ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটি দল কাউৰবাহাত উপস্থিত হয়৷ টকা বিচৰা লোকৰ সৈতে চকীত উপস্থিত হৈ টকা লৈ থকাৰ সময়তে হাতে লোটে ধৰে বিষয়া মুনীন দত্তক৷ 

উল্লখ্য যে, কাউৰবাহাৰ খণ্ডিকৰ নামৰ ঠাইত দুটি পৰিয়ালৰ মাজত কোনো কথাক লৈ কাজিয়া লাগিছিল কিছুদিন পূৰ্বে৷ তাৰ পিছতে এটা পৰিয়ালে আনটো পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ অভিযুক্তই আদালতৰ পৰা জামিন লাভ কৰিছিল৷ আদালতৰ পৰা জামিন লাভ কৰা কপি দিবলৈ থানালৈ যোৱাৰ সময়তে ৬০ হাজাৰ টকা দাবী কৰিছিল বিষয়াগৰাকীয়ে৷