গোলোকগঞ্জঃ কোকৰাঝাৰ জিলাৰ ধুবুৰীৰ সীমান্তৱৰ্তী এটি অঞ্চলত প্ৰায় ২৫ জনীয়া দুৰ্বৃত্তৰ এটা দলে দুটি পৰিয়ালক আক্ৰমণ কৰাত এগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ দুৰ্বৃত্তৰ দলটোৱে পৰিয়াল দুটাৰ ঘৰৰ বেৰ ভঙাৰ লগতে সামগ্ৰী লণ্ড-ভণ্ড কৰে৷ এগৰাকী বিবাহিত মহিলাৰ ডিঙীত ডেগাৰ থৈ হত্যাৰ চেষ্টা কৰাৰ লগতে ঘৰৰ বেৰ ভাঙি সামগ্ৰী লণ্ড-ভণ্ড কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷
নিশা মানুহৰ ঘৰত চম্বলৰ ডকাইতৰ লেখীয়াকৈ আক্ৰমণ কৰাৰ লগতে মহিলাৰ ডিঙিত ডেগাৰ থৈ ভাবুকি দিয়া ঘটনাই বিটিএডি এলেকাত মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নোহোৱা হোৱাৰ কথাটো স্পষ্ট হৈ পৰিছে৷ কিছুদিন পূৰ্বে কোকৰাঝাৰ চহৰত এগৰাকী ছাত্ৰ নেতাক গুলীয়াই হত্যা কৰাৰ পাছতো আৰক্ষী সষ্টম হৈ নথকাৰ কথাটো এই ঘটনাই স্পষ্ট কৰি তুলিছে।