কাকপথাৰঃ মঙলবাৰে পুৱাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাকপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ১১ বজাৰ পৰা ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷
শতাধিক আছুৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক বিশ্ববিদ্যালয় খন বন্ধ নকৰিবলৈ সকীয়াই দিয়ে চৰকাৰক৷