বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ কাকৈজানা অঞ্চলত অঞ্চলটোৰ সামাজিক উন্নয়নত দৃঢ়তাৰে কাম কৰি অহিছে “যুৱ সংস্কাৰ উন্নয়ন সমিতি,কাকৈজানা” নামৰ এটা বেচৰকাৰী সংস্থাই। বুধবাৰে সংস্থাটোৰ ২য় সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সভাখন কাকৈজানাৰ দেৱানপাৰাস্থিত চিলাৰায় শিশু নিকেতনত অনুষ্ঠিত হয়।
সমাজকৰ্মী লুৱন চন্দ্ৰ ৰায়ে গছপুলিৰোপণ কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানৰ মুকলি সভাখনত সভাপতিত্ব কৰে কাকৈজানা অঞ্চলৰ প্ৰবীণ সাহিত্যিক,সমাজকৰ্মী অমৃতভূষণ ফৌজদাৰে। বন্তি প্ৰজ্বলন কৰে বয়োজ্যেষ্ঠ ব্যক্তি চণ্ডীচৰণ বৰ্মনে৷