newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাত বিভিন্ন সময়ত উগ্ৰপন্থীয়ে বিভিন্ন কূটাঘাটমূলক কাৰ্য সংঘটিত কৰি আহিছে৷ একাংশ যুৱক-যুৱতীয়ে সুস্থ পৰিবেশৰ বাবে কৰ্মসংস্থাপনৰ দিশটোত আগবাঢ়ি যাব পৰা নাই বুলি সময়ে সময়ে চৰ্চা হয়৷ অসম-অৰুণাচল সীমান্তত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহে সাধাৰণ জনগণক লক্ষ্য কৰি লোৱাত চিন্তিত জিলাখনৰ নাগৰিকসকল৷ 

উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিভিন্ন উগ্ৰপন্থী সংগঠনে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰি অহাৰ সময়তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে প্ৰায় ২০০ যুৱক-যুৱতীক বিশেষ প্ৰশিক্ষণ দি আৰক্ষী-সেনাৰ চাকৰি লাভ কৰাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷

সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে সোমবাৰৰ পৰা এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে৷ অসম আৰক্ষীয়ে নতুনকৈ জোৱান লবৰ বাবে শীঘ্ৰে বাছনি শিবিৰ অনুষ্ঠিত কৰিব ওলোৱাৰ সময়তে শাৰিৰীক বাচনি পৰীক্ষাত কেনেদৰে অৱতীৰ্ণ হ’ব লাগে বিশেষ লোকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে সংগঠনটোৱে৷

সমিতিৰ সভাপতি মনোজ নেওঁগ কয় যে অসম আৰক্ষী তথা ভাৰতীয় সেনাৰ শাৰিৰীক বাচনি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা তিনিচুকীয়া জিলাৰ যুৱক-যুৱতীক ২৫-২৭ জুনলৈ কাকপথাৰ ৰাজহুৱা খেলপথাৰ প্ৰশিক্ষণ দিয়া হ’ব। 

প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে স্বেচ্ছাসেৱী সংগঠন এপ্ৰিন্সৰ প্ৰতিস্থাপক চন্দন বৰঠাকুৰ, ৰোক্তদীপ বৰুৱা আৰু অংকুৰজ্যোতি ওঝা। শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ জিলা খনৰ প্ৰায় দুশ ২০০ গৰাকী প্ৰশীক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে বুলি জানিব পৰা যায়৷