newsnextone.com। কাকপথাৰঃ কাকপথাৰত এক্সকেভেটৰ চোৰ দপদপনিয়ে এতিয়া নিদ্ৰাহৰণ কৰিছে আৰক্ষীক। দেওবাৰে তেনে এটা চোৰক আটক কৰা হয়। ধৃত চোৰটো অসম অৰুণাচল সীমান্তৰ বৰডুমছা থানাৰ অন্তৰ্গত কৈলাশপুৰ গাঁৱৰ বাসিন্দা অশোক ভূজেল বুলি জানিব পৰা গৈছে৷

অৰুণাচল প্ৰদেশৰ চৌখামৰ পৰা এইচ আৰ ৩৮ কিউ ৫০৪৫ নম্বৰৰ ট্ৰাকৰ ভিতৰত জেচিবি কোম্পানীৰ  এআৰ-০১ ই-২৩০৫ নম্বৰৰ এক্সকেভেটৰখন তিনিচুকীয়া হৈ ডিমাপুৰলৈ নিয়া বুলি কাকপথাৰ থানাৰ আৰক্ষীয়ে খবৰ লাভ কৰাৰ লগে লগে ট্ৰাকৰ চালকসহ অশোক ভূজেলক আটক কৰে৷

উল্লেখ্য যে অশোক ভূজেল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী বুলি বিশেষ সূত্ৰত প্ৰকাশ হোৱাৰ লগতে পূৰ্বৰ চৰকাৰ দিনত বহুতো নিবনুৱাক চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰি পলাই বৰ্তমান গুৱাহাটীত আশ্ৰয় লৈ আছিল ৷ সম্প্ৰতি কাকপথাৰ আৰক্ষীয়ে সোধপোছ কৰি থকা ভূজেলক পৰৱৰ্তী সময়ত অধিক তথ্য উদ্ধাৰৰ বাবে চৌখাম আৰক্ষীক হস্তান্তৰ কৰিব বুলি জানিব পৰা গৈছে।