কাকপথাৰঃ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ ষষ্ঠ দ্বী-বাৰ্ষিক অধিৱেশনখন অহা ইংৰাজী ২৮ আৰু ২৯ ডিচেম্বৰত পানীতোলা আৰু বৰুৱাহোলা আঞ্চলিক সমিতিৰ যৌথ আতিথ্যত তথা বৃহত্তৰ পানীতোলা অঞ্চলবাসী ৰাইজৰ সহযোগত বীৰপুৰুষ মটাটুকুৰা বৰুৱা সমন্বয়ক্ষেত্ৰ বৰচাপৰি, পানীতোলাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

অধিৱেশনখনত এইবাৰ এক ব্যতিক্ৰমী প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মটক জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰৰ স্বকীয়তা অক্ষুন্ন ৰখাৰ মানসেৰে ২৯ ডিচেম্বৰ, ২০১৮ তাৰিখে পৰম্পৰাগত সাজ-পাৰৰ দলীয় মুকলি প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু প্ৰতিযোগী দলৰপৰা নির্বাচিত প্ৰথম দহটা দলক মান-পত্ৰসহ নগদ ১০০০ টকাকৈ মাননী প্ৰদান কৰা হ'ব বুলি তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সম্পাদক কমলদ্বীপ বৰুৱাই জানিবলৈ দিছে।

লগতে দুয়োটা দিনৰ সকলো কাযসূচীত সকলো ৰাইজৰ উপস্থিতি, দিহা-পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি লম্বেশ্বৰ চেতিয়া, যুটীয়া সম্পাদক অনিমেষ চেতিয়া আৰু নয়নমণি ফুকনে।