কাকপথাৰঃ হিন্দু নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰত শুকুৰবাৰে বিশাল জোঁৰ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ হোৱা জোঁৰ সমদল কাৰ্যসূচীটোৱে কাকপথাৰ চহৰ পৰিভ্ৰমণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
আনফালে বৰদিৰাকত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা প্ৰকমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় যুৱ সংঘৰ সহযোগত এক জোঁৰ সমদল কাযসূচী বৰদিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা বৰদিৰাক খাটোৱালৈকে পৰিভ্ৰমণ কৰি ঘূৰি আহি বৰদিৰাক তিনিআলিত এক ঘণ্টাৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।