58
কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি শুকুৰবাৰৰেপৰা আৰম্ভ হৈছে৷
তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত হোৱা অধিৱেশনখনি পুৱা ক্ষেত্ৰ উন্মোচন কৰে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰত্নেস্বৰ দত্তই। পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰে ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি মনোজ নেওগ আৰু সম্পাদক হিৰণ্য মৰাণে৷