কাকপথাৰঃ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ অতি পিছপৰা ডিৰাক অঞ্চলৰ ৩ নং সৰুমেছাই (কুৰুকাণি) গাঁৱৰ প্ৰয়াত কান্তেশ্বৰ বুঢ়াগোহাঁই আৰু বাসন্তী বুঢ়াগোহাঁইৰ কনিষ্ঠ পুত্ৰ ধনঞ্জয় বুঢ়াগোহাইয়ে ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা নিজৰ প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ষ্টাৰ মাৰ্কসহ চাৰিটা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হোৱাৰ উপৰিও ব্যক্তিগত নিৰাপত্তা (ঐচ্ছিক) বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে।
