newsnextone.com | কাকপথাৰঃ কংগ্ৰেছে শাসন কালত ৰাজ্য খনৰ উন্নয়ন সাধন কৰাত বিফল হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত জনতাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অগপ-বিপিএফ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনক ৰাজগাদীত অধিষ্ঠিত কৰে৷ কিন্তু সোণোৱাল চৰকাৰে শাসনৰ দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যখনৰ উন্নয়ন সাধন কৰিবলৈ অসমৰ্থ হোৱা বুলি এতিয়া বিভিন্নজনে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে৷

কাকপথাৰ প্ৰাথমিক চিকিৎসালয়ৰ কাষতে দহ বছৰ ধৰি এলাগী হৈ থকা আবকাৰী পৰিদৰ্শকৰ কাৰ্যালয় তথা চিকিৎসালয়খনে চৰকাৰৰ দায়িত্ব বহনকাৰী বিভাগসমূহৰ ফোপোলা স্বৰূপ উদঙোৱা পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কাকপথাৰ অঞ্চলটোত দিনক দিনে মাদক দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হৈ আহিছে যদিও আবকাৰী বিভাগৰ দায়িত্বহীনতাৰ বাবে বিগত দহ বছৰে আবকাৰী পৰিদৰ্শকৰ কাৰ্যালয়টো বন্ধ পৰি আছে৷ 

ইফালে, ৰাজ্যখনত আছে মাথো দুখন আবকাৰী চিকিৎসালয়৷ কিন্তু তাৰ মাজৰে কাকপথাৰ স্থিত চিকিৎসালয়খনৰ এনে দুৰাৱস্থাই সচেতন মহলক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, দহ বছৰে বন্ধ হৈ থকা চিকিৎসালয়খন বৰ্তমান ৰূপান্তৰ হৈছে মদ, জুৱাৰ ঘাটিলৈ৷ আনহাতে, চিকিৎসালয়খন আৰু আবকাৰী কাৰ্যালয়ৰ নামত থকা চৰকাৰী ভূমিসমূহো লাহে লাহে একাংশ লোকে দখল কৰিবলৈ লোৱা বুলি কোনো কোনোৱে অভিযোগ তুলিছে৷

ৰাইজৰ অভিযোগ অনুসৰি, মাজে সময়ে আবকাৰী বিভাগৰ একাংশ বিষয়াই কাৰ্যালয়ত ভুমুকি মাৰে যদিও সেয়া মাথো নিজৰ দায়িত্ব সামৰিবৰ বাবেহে৷ বিগত দহ বছৰে এলাগী হৈ থকা চিকিৎসালয় আৰু কাৰ্যালয়টোৱে এতিয়া জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে৷ দুৱাৰ, খিৰিকিসমূহ খহি পৰাৰ লগতে বৰষুণ দিলেই ভিতৰত পানী পৰা অৱস্থা হৈছে৷

ইফালে, চিকিৎসালয়ৰ কৰ্মচাৰী আৱাসতো অবাধ মইমতালি চলাৰ অভিযোগ উত্থাপিত হৈছে৷ জনৈক চাহু নামৰ এজন অসৱৰপ্ৰাপ্ত কৰ্মচাৰীয়েই যোৱা তিনি বছৰ ধৰি তাত বাস কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷ আনহাতে কোনবাই যদি অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জনক আৱাসগৃহটো অধিকাৰ কৰাৰ কাৰণ সোধে, তেন্তে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে তেওঁক তাত নিগাজিকৈ থাকিবলৈ অনুমতি দিয়া বুলিও দম্ভালি মাৰে বুলি ৰাইজে মন্তব্য কৰে৷

ৰাইজে জৰাজীৰ্ণ চিকিৎসালয়খন পুনৰ মেৰামতি কৰি চিকিৎসাৰ বাবে মুকলি কৰি দিয়াৰ দাবী জনাইছে৷ লগতে আবকাৰী বিভাগৰ পৰিদৰ্শকৰ কাৰ্যালায়টোও পুনৰ মুকলি কৰি কাকপথাৰ অঞ্চলত সংঘটিত হৈ থকা অবৈধ মাদক দ্ৰব্যৰ বেহা সমূহ বন্ধ কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰৰ সন্মুখত দাবী জনাইছে৷

আনফালে, চিকিৎসালয় তথা কাৰ্যালয়তো অনতিপলমে মুকলি কৰা, কাৰ্যালয়টোত মদ, জুৱাৰ আড্ডা বন্ধ কৰা আৰু অবৈধ বে-দখল বন্ধ কৰাৰ দাবী জনাইছে কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাইও ৷ অন্যথা তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছে সংগঠনটোৱে৷