newsnextone.com | কাকপথাৰঃ কংগ্ৰেছে শাসন কালত ৰাজ্য খনৰ উন্নয়ন সাধন কৰাত বিফল হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত জনতাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অগপ-বিপিএফ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনক ৰাজগাদীত অধিষ্ঠিত কৰে৷ কিন্তু সোণোৱাল চৰকাৰে শাসনৰ দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যখনৰ উন্নয়ন সাধন কৰিবলৈ অসমৰ্থ হোৱা বুলি এতিয়া বিভিন্নজনে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে৷
কাকপথাৰ প্ৰাথমিক চিকিৎসালয়ৰ কাষতে দহ বছৰ ধৰি এলাগী হৈ থকা আবকাৰী পৰিদৰ্শকৰ কাৰ্যালয় তথা চিকিৎসালয়খনে চৰকাৰৰ দায়িত্ব বহনকাৰী বিভাগসমূহৰ ফোপোলা স্বৰূপ উদঙোৱা পৰিলক্ষিত হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কাকপথাৰ অঞ্চলটোত দিনক দিনে মাদক দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হৈ আহিছে যদিও আবকাৰী বিভাগৰ দায়িত্বহীনতাৰ বাবে বিগত দহ বছৰে আবকাৰী পৰিদৰ্শকৰ কাৰ্যালয়টো বন্ধ পৰি আছে৷