কাকপথাৰঃ হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়কে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অশান্ত কৰি তোলাৰ মাজতে বৃহস্পতিবাৰে ডিৰাক অঞ্চলটোৰ আইমাতৃসকলৰ উদ্যোগত এক ব্যতিক্ৰমি প্ৰতিবাদ দেখা পোৱা যায়৷
১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰত অঞ্চলটোৰ প্ৰায় ৭ খন গাঁওৰ দুই শতাধিক আইমাতৃয়ে এক গোট হৈ তামোল-পানৰ শৰাই আগবঢ়াই এক মাঙ্গলিক কাৰ্যৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰে, যাতে বিজেপি নেতৃত্বাধীন তথা সোনোৱাল চৰকাৰৰ মন্ত্ৰী-বিধায়ক, নেতা পালিনেতা সকলে সুমতি লাভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মাত মতে।