53
newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত গৈ পানী গাঁৱত অবৈধ চুলাই মদ সেৱন কৰি এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চাহ জনজাতি ছাত্ৰ সন্থাই কাকপথাৰ-ৰূপাই সংযোগী ৫২নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত গৈ পানী গাঁৱৰ দীপক ভূমিজ (৪৬) নামৰ লোকজনে গাওঁখনত থকা অবৈধ চুলাই ঘাটিত সুৰা সেৱন কৰি কাম কৰি থকা অৱস্থাতে ৰহস্যজনক ভাৱে সোমবাৰে মৃত্যু আকোৱালি লয়৷