কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ লাজুম পথাৰ গাওঁত এগৰাকী মহিলাৰ পৰিয়ালৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ মৃত্যু। জানিবলৈ পোৱা অনুসৰি মিনু গগৈ নামৰ মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালৰ মানসিক হেচাৰ ফলতেই ৮ অাগষ্টত অস্বাভাৱিকভাৱে মৃত্যুক সাৱটে।ঘটনাটোক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে ডুমচি হাতীগড় গাওঁৰ ৰাইজে টঙনা অাৰক্ষী থানা ঘেৰাও কৰি সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে।
ঘটনাৰ বিৱৰণী মতে, প্ৰায় ১৫/১৬ বছৰ পূৰ্বে মিনু গগৈ অজিত বৰুৱাৰ সৈতে বিবাহ পাশত অাবদ্ধ হৈছিল।দুটি সন্তানৰ মাতৃ মিনু কিছুদিনৰ পৰা শয্যাগত অাছিল যদিও স্বামীগৃহই কৰা নাছিল কোনো চিকিৎসাৰ ব্যৱস্থা । পিছে স্বাস্থ্যৰ সামান্যতমো উন্নতি নহয় বৰং দুদিন পিছতেই মৃত্যুক সাৱতে মিনু গগৈয়ে।

পিছত স্থানীয় ৰাইজে আৰক্ষীক এই সন্দৰ্ভত খবৰ দিয়াত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মৰণোত্তৰ পৰীক্ষাত অাৰক্ষীয়ে কোনোধৰণৰ অস্বাভাবিক মৃত্যুৰ তথ্য লাভ নকৰাত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে।

স্বামীগৃহই ৰহস্যজনকভাৱে নিশাৰ ভিতৰতেই গাওঁৰ লোকৰ অনুপস্থিতিত মৃতদেহটি পুতি থয়।মৃত মিনুৰ পিতৃৰ পৰিয়ালে অাৰক্ষীৰ তদন্তত সন্তুষ্ট নহৈ অাজি দিনৰ ভাগত ডুমচী হাতীগড় গাওঁৰ শতাধিক ৰাইজৰ উপস্থিতিত টঙনা থানা ঘেৰাওঁ কৰি প্ৰতিবাদ সাব্যস্ত কৰি।

ৰাইজে দাবী কৰা মতে, অাৰক্ষীয়ে গাতত পুতি সৎকাৰ কৰা মৃতদেহটি পুনৰ খান্দি উলিয়াই সঠিক তদন্তৰ খাতিৰত পুনৰ মৰণোত্তৰ পৰীক্ষা আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। লগতে সামাজিক দল সংগঠন সমুহকো ঘটনাৰ তদন্ত পক্ৰিয়াত পুৰ্ণ সহযোগিতা অাগবঢ়াবলৈ অাহ্বান জনাইছে।