কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ লাজুম পথাৰ গাওঁত এগৰাকী মহিলাৰ পৰিয়ালৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ মৃত্যু। জানিবলৈ পোৱা অনুসৰি মিনু গগৈ নামৰ মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালৰ মানসিক হেচাৰ ফলতেই ৮ অাগষ্টত অস্বাভাৱিকভাৱে মৃত্যুক সাৱটে।ঘটনাটোক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে ডুমচি হাতীগড় গাওঁৰ ৰাইজে টঙনা অাৰক্ষী থানা ঘেৰাও কৰি সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে।
ঘটনাৰ বিৱৰণী মতে, প্ৰায় ১৫/১৬ বছৰ পূৰ্বে মিনু গগৈ অজিত বৰুৱাৰ সৈতে বিবাহ পাশত অাবদ্ধ হৈছিল।দুটি সন্তানৰ মাতৃ মিনু কিছুদিনৰ পৰা শয্যাগত অাছিল যদিও স্বামীগৃহই কৰা নাছিল কোনো চিকিৎসাৰ ব্যৱস্থা । পিছে স্বাস্থ্যৰ সামান্যতমো উন্নতি নহয় বৰং দুদিন পিছতেই মৃত্যুক সাৱতে মিনু গগৈয়ে।