newsnextone|| নগাঁওঃ ১৯৯৯ চনৰ ১৮ আগষ্টৰ পৰা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বলেন বৰাৰ একক প্ৰচেষ্টাত প্ৰকাশ পাই আহিছিল নগাঁৱৰ সপোন তথা নগাঁৱৰ দাপোণ ‘কলংপাৰ’ নামৰ সাপ্তাহিক বাতৰিকাকতখন৷

পিছে বিগত ২০১৭ বৰ্ষৰ ৯ অক্টোবৰত সম্পাদক বলেন বৰাৰ অকাল মৃত্যুত কেইবামাহ ধৰি ‘কলংপাৰ’ কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে৷ যোৱা জুলাই মাহত নগাঁৱৰ কেইবাজনো ব্যক্তিৰ প্ৰচেষ্টাত সামাজিক কাম কৰাৰ আঁচনিৰে গঠন কৰা হয় ‘কলংপাৰ ন্যাস’৷

সেই ন্যাসৰ জৰিয়তেই আৰম্ভ কৰা হ’ব ‘কলংপাৰ’ৰ এক নতুন যাত্ৰাৰ অধিসূচনা৷ উল্লেখ্য যে ‘কলংপাৰ’ কাকতখনৰ নতুনকৈ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে নগাঁৱৰে অন্য এগৰাকী জ্যেষ্ঠ সাংবাদিক ড০ আবু হানিফাই৷

অহা ১৮ আগষ্টত নগাঁৱৰ ছহিদ ভৱন প্ৰাংগণত হ’বলগীয়া কাকতখনৰ পুনৰ প্ৰকাশৰ প্ৰথম সংখ্যাটি উন্মোচনী সভাত দৌৰবিদ হিমা দাসৰ পিতৃ ৰঞ্জিত দাস, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷