78
newsnextone|| নগাঁওঃ ১৯৯৯ চনৰ ১৮ আগষ্টৰ পৰা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বলেন বৰাৰ একক প্ৰচেষ্টাত প্ৰকাশ পাই আহিছিল নগাঁৱৰ সপোন তথা নগাঁৱৰ দাপোণ ‘কলংপাৰ’ নামৰ সাপ্তাহিক বাতৰিকাকতখন৷
পিছে বিগত ২০১৭ বৰ্ষৰ ৯ অক্টোবৰত সম্পাদক বলেন বৰাৰ অকাল মৃত্যুত কেইবামাহ ধৰি ‘কলংপাৰ’ কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে৷ যোৱা জুলাই মাহত নগাঁৱৰ কেইবাজনো ব্যক্তিৰ প্ৰচেষ্টাত সামাজিক কাম কৰাৰ আঁচনিৰে গঠন কৰা হয় ‘কলংপাৰ ন্যাস’৷