কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰৰ পাণ দোকান-হোটেলত চলিছে মদৰ অবৈধ ব্যৱসায়৷ দীৰ্ঘদিন ধৰি ৰাইজে এই অভিযোগ উত্থাপন কৰি অহাৰ পিছত কলিয়াবৰ আৰক্ষী আৰু আবকাৰী বিভাগে কলিয়াবৰৰ বিভিন্ন পাণ দোকান আৰু হোটেলত অভিযান চলাই ব্যাপক হাৰত অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

আবকাৰী বিভাগে অভিযান চলাই বিগত সপ্তাহটোত কলিয়াবৰ মহকুমাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় এহেজাৰ বটলৰো অধিক বিলাতী সুৰা জব্দ কৰাৰ লগতে ৫০০ লিটাৰ অধিক চুলাই মদ নষ্ট কৰে।

অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে শেন চকু ৰখা কলিয়াবৰৰ আবকাৰী বিভাগে বিভিন্ন পাণ দোকান, হোটেল আদিত অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ সুৰা। একাংশ হোটেল-ধাবা, পাণ দোকানত দিনে-নিশাই সুৰাৰ ৰমৰমীয়া বেহা চলি থকা মাজতে আবকাৰী বিভাগে ৰাইজৰ হেঁচাত পৰি অভিযান চলাবলৈ বাধ্য হয়।

উল্লেখ্য যে, ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ সুৰাৰ বিপণীসমূহ বন্ধ হৈ থকাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অঞ্চলটোৰ পাণ দোকান, হোটলত এই অবৈধ ব্যৱসায় আৰম্ভ কৰিছিল। সুৰাৰ অবাধ প্ৰচলনত অঞ্চলটোত বিৰূপ প্ৰভাৱ পৰা বুলিও অভিযোগ উত্থাপন কৰি আহিছিল সচেতন মহলে। ইয়াৰ মাজতে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে এনেদৰে অভিযান চলোৱাত আবকাৰী বিভাগক প্ৰশংসা কৰিছে কলিয়াবৰৰ ৰাইজে৷