newsnextone.com | ৰঙিয়াঃ সোমবাৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত সাধাৰণ শ্ৰেণীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি কামৰূপৰ ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলিতা জনগোষ্ঠীৰ সংগঠনে।
কেইটামান বিশেষ শ্ৰেণীৰ বাবে সুবিধা প্ৰদান কৰি সাধাৰণ শ্ৰেণীক পুনৰবাৰ বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰঙিয়াত সদৌ অসম কলিতা জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কলিতা জনগোষ্ঠীৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়া হৰদত্ত বিৰদত্ত ভৱনৰ সন্মুখত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ন’গান দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।