newsnextone.com | ৰঙিয়াঃ সোমবাৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত সাধাৰণ শ্ৰেণীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি কামৰূপৰ ৰঙিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে  কলিতা জনগোষ্ঠীৰ সংগঠনে।

 কেইটামান বিশেষ শ্ৰেণীৰ বাবে সুবিধা প্ৰদান কৰি সাধাৰণ শ্ৰেণীক পুনৰবাৰ বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰঙিয়াত সদৌ অসম কলিতা জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কলিতা জনগোষ্ঠীৰ ৰঙিয়া জিলা সমিতিয়ে ৰঙিয়া হৰদত্ত বিৰদত্ত ভৱনৰ সন্মুখত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ন'গান দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। 

কলিতা জনগোষ্ঠীৰ ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই ৰাজ্য চৰকাৰে কেবিনেটত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ বাবে যিধৰণৰ সুবিধা প্ৰদান কৰিলে তাত কব লগা নাই বুলি কয়। কিন্তু চৰকাৰে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ বাবে কোনো ঘোষণা নকৰাত আঁচৰিত হৈছোঁ বুলি কয়। বিশেষ শ্ৰেণীৰ লোকসকলৰ লগতে সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ বাবেও ৰাজ্য চৰকাৰে সুবিধা প্ৰদান কৰি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল বুলি সম্পাদকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰক এনেধৰণৰ সিদ্ধান্তৰ পৰা আঁতৰি থকাৰ বাবে ৰঙিয়া জিলা কলিতা জনগোষ্ঠীয়ে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা বুলি সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ উপ-সভাপতি সমৰজ্যোতি ডেকাৰ লগতে কেইবাজনো জিলা পৰ্যায়ৰ বিষয়-ববীয়া উপস্থিত থাকে।