ৰঙিয়া/মৰিগাঁওঃ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ শিক্ষাগত অৰ্হতা সন্দৰ্ভত ৰাজ্য চৰকাৰে লোৱো কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে কলিতা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষ্ষোভ ব্যক্ত কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে ৰাজ্য চৰকাৰে বাধ্যতামূলক কৰা শৈক্ষিক অৰ্হতা সন্দৰ্ভত কলিতা তথা সমগ্র সাধাৰণ জাতিৰ প্ৰতি বৈষম্য কৰাৰ অভিযোগত শুকুৰবাৰে ৰঙিয়া-মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা সংগঠনে৷
মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলনে মৰিগাঁও চহৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে। আনহাতে ৰঙিয়াত মুখ্যমন্ত্ৰী, পঞ্চায়ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে কলিতা ছাত্ৰ সন্থাই৷ ৰাজ্য চৰকাৰে শিক্ষাগত অৰ্হতাহীন কোনো লোকে পঞ্চায়ত নিৰ্বাচনত খেলিব নোৱাৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি৷ জিলা পৰিষদৰ সদস্য হ’বলৈ স্নাতক ডিগ্ৰী লগতে আঞ্চলিক পঞ্চায়ত-গাঁও পঞ্চায়তৰ সভাপতি হ’বলৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব৷