দিল্লীঃ প্ৰতিৰক্ষাৰ দিশত ভাৰত আৰু এখোজ আগুৱাইছে। শত্ৰুপক্ষই কোনো সুংশুত্ৰ পোৱাৰ আগেয়ে পানীৰ তলৰপৰা সমুদ্ৰপৃষ্ঠত থকা শত্ৰুপক্ষৰ আয়োজন নিষ্ফল কৰিবলৈ এতিয়া আৰু অকণো সময় নালাগিব ভাৰতীয় নৌসেনাক।
নৌসেনা বাহিনীৰ এক বৃহৎ সাফল্যৰ খবৰ এয়া। পোন প্ৰথমবাৰৰ বাবে কলাবাৰী নামৰ ভাৰতীয় নৌসেনাবাহিনীৰ চাবমেৰিনযোগে সাগৰতলীৰপৰা মিছাইলৰ প্ৰক্ষেপণ সফলতাৰে কৰা হয়। আৰব সাগৰত বৃহস্পতিবাৰে কৰা এই পৰীক্ষণত প্ৰথমবাৰতে কোনোধৰণৰ ক্ৰুটি অবিহনে মিছাইলে লক্ষ্যত আঘাত হনাত সফল হয়।