দিল্লীঃ প্ৰতিৰক্ষাৰ দিশত ভাৰত আৰু এখোজ আগুৱাইছে। শত্ৰুপক্ষই কোনো সুংশুত্ৰ পোৱাৰ আগেয়ে পানীৰ তলৰপৰা সমুদ্ৰপৃষ্ঠত থকা শত্ৰুপক্ষৰ আয়োজন নিষ্ফল কৰিবলৈ এতিয়া আৰু অকণো সময় নালাগিব ভাৰতীয় নৌসেনাক।

নৌসেনা বাহিনীৰ এক বৃহৎ সাফল্যৰ খবৰ এয়া। পোন প্ৰথমবাৰৰ বাবে কলাবাৰী নামৰ ভাৰতীয় নৌসেনাবাহিনীৰ চাবমেৰিনযোগে সাগৰতলীৰপৰা মিছাইলৰ প্ৰক্ষেপণ সফলতাৰে কৰা হয়। আৰব সাগৰত বৃহস্পতিবাৰে কৰা এই পৰীক্ষণত প্ৰথমবাৰতে কোনোধৰণৰ ক্ৰুটি অবিহনে মিছাইলে লক্ষ্যত আঘাত হনাত সফল হয়।

এই মিছাইলৰ প্ৰক্ষেপণৰ পৰীক্ষাৰ সফলতা কেৱল নৌসেনাৰে নহয়, ভাৰতৰ প্ৰতিৰক্ষাৰ দিশতো এক মাইলৰ খুঁটি বুলি প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে উল্লেখ কৰে। নৌসেনা বাহিনীৰ এই সফলতাত উৎফুল্লিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰক্ষা বিজ্ঞানীসকলক এইক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছে।

এণ্টিশ্বিপ মিছাইলসম্পন্ন কলাবাৰীয়ে নৌসেনাৰ কৌশল বৃদ্ধি কৰাত বিশেষ অৰিহণা যোগাব। উল্লেখ্য যে কলাবাৰী চাবমেৰিন স্ক’ৰপিয়ান শ্ৰেণীৰ চাবমেৰিন আৰু এয়া ভাৰততে নিৰ্মিত। ভাৰতৰ স্ক’ৰপিয়ন শ্ৰেণীৰ চাবমেৰিনৰ প্ৰথমটো হৈছে কলাবাৰী যাৰ নিৰ্মাণ 'পৰিকল্পনা ৭৫’ৰ আধাৰত কৰা হৈছে। সাগৰপৃষ্ঠত শত্ৰুৰ অনুমান পোৱা মাত্ৰকে দূৰৰপৰাই তাক মিছাইলযোগে ধ্বংস কৰাৰ ক্ষমতাসম্পন্ন এনে ভালেকেইখন কলাবাৰী চাবমেৰিনৰ নিৰ্মাণৰ কাম চলি আছে।  

উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ ডিআৰডিঅই উৰিষ্যাৰ আব্দুল কালাম দ্বীপৰপৰা চুপাৰচনিক ইণ্টাৰচেপ্টৰ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।