70
গুৱাহাটীঃ অসমৰ ঐতিহ্যমণ্ডিত শক্তিপীঠ কামাখ্যা ধামে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা। ইণ্ডিয়া টুডে-য়ে প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান তথা পৰ্য্যটন স্থানসমূহৰ ওপৰত এক সমীক্ষা চলাইছিল।
এই সমীক্ষাত অসমৰ শক্তিপীঠ কামাখ্যা ধামে ‘পৰ্যটন ক্ষেত্ৰৰ শ্ৰেষ্ঠ বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। সমীক্ষাটোৰ ফলাফল ২০ এপ্ৰিলত ঘোষণা কৰা হয়।