74
মঙলদৈঃ কাটাপ্পাই বাহুবলীক কিয় হত্যা কৰিলে? সেই কথা জানিবলৈ সমগ্ৰ দেশৰ চলচিত্ৰগৃহত শনিবাৰে পৰিলক্ষিত হ’ল ব্যাপক ভিৰ। অসমতো দেখা গ’ল একেই উৎকণ্ঠা আৰু উছাহ।
কিন্তু অসমৰ অন্য প্ৰান্তৰ তুলনাত মঙলদৈ চহৰৰ চিনেমাপ্ৰেমীসকলৰ উছাহ আৰু উৎকণ্ঠা যেন এই ক্ষেত্ৰত ষথেষ্ট পৃথক। কেৱল মঙলদৈ চহৰেই নহয়, সমগ্ৰ দৰং জিলাৰ চিনেমাপ্ৰেমীসকলে বাহুবলী-২ক লৈ অনুভৱ কৰিছে বিশেষ উৎকণ্ঠা।