newsnextone.com | গুৱাহাটীঃ এসময়ৰ অখিল গগৈৰ বিশ্বস্ত সহযোগী, কবি, তাৰ্কিক কমল কুমাৰ মেধীয়ে যোগ দিলে কংগ্ৰেছত৷ প্ৰায়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা মেধিয়ে মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত কংগ্ৰেছৰ পতাকাৰ তললৈ আহে।
ৰাজ্যৰ একালৰ আগশাৰীৰ কবি, আম আদমী পাৰ্টিৰ প্ৰাক্তন নেতা কমল কুমাৰ মেধীয়ে সোমবাৰে কংগ্ৰেছ দলত যোগদান কৰাৰ ঘোষণা কৰাৰ পিছতে মঙলবাৰে তেওঁ ৰাজীৱ ভৱনলৈ আহি কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে৷