নলবাৰীঃ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ কামাৰকুছিত শনিবাৰে কংগ্ৰেছৰ এখন এখন সভাত অনুষ্ঠিত হয়৷ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উপস্থিত থাকি বিজেপিক তীব্ৰ সমালোচনা কৰে৷ কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলক বিশেষ মৰ্যদা পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ বাবেই বিশেষ সহায় কৰি আহিছিল বুলি কয়।
কিন্তু ২০১৪ চনত দিল্লীত বিজেপি চৰকাৰ আহিয়েই আমাৰ বিশেষ কৰ্তন কৰিলে৷ এই বিষয়ে বিধানসভাত বহু বাক বিতণ্ডা হ’ল৷ দেশৰ বিত্তমন্ত্ৰীয়ে বিশেষ মৰ্যদা নহয়, ষ্পেচিয়েল ট্ৰিটমেন্ট কৰিব বুলি কৈ দায়িত্ব সামৰে৷ ষ্পেচিয়েল ট্ৰিটমেন্ট কৰিলে আমাৰ আগতকৈ ভাল হ’ব। কিন্তু বিগত দুবছৰত কেনেকুৱা অৱস্থা হৈছে ৰাইজে উপলব্ধি কৰিছে।