বাহাকাবাৰীঃ প্ৰায় ১৫ দিনৰ মূৰকত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে নগাঁও জিলাৰ নিশাৰী নৈৰ জলস্তৰ৷ নেৰা-নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা নৈখনৰ পানীয়ে যোৱা প্ৰায় ১৫ দিন ধৰি বিভিন্ন ঠাই বুৰাই পেলােৱাৰ ফলত কামপুৰৰ ৰাইজ ব্যাপক সমস্যাত পৰে৷

বহু লোকে বানৰ ফলত খাদ্যৰ অভাৱক পৰাৰ লগতে পশুধনো খাদ্য-চিকিৎসাৰ অভাৱত পৰিবলগীয়া হয়। নিশাৰীৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো বানাক্ৰান্ত লোকসকলৰ খ-খবৰ নোলোৱাৰ অভিযোগ উঠিছে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে।

পানী কমিবলৈ ধৰাৰ লগে লগে মানুহ আৰু পশুধন নানা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কৰি চিন্তাত পৰিছে কৃষকসকল। ১৫ দিনে বানৰ কবলত পৰি ককবকই থকাৰ পিছতো লোকসকলৰ কাষত উপস্থিত নহ'ল স্বাস্থ্য বিভাগ তথা পশুপালন বিভাগৰ কোনো লোক।

কামপুৰ কৃষি চক্ৰৰ নামবৰ, তেতেলীসৰা, নিজকামপুৰ, দেউৰীগাঁও এলেকাৰ ৩০খন গাঁৱৰ ৬৪০ হেক্টৰ কৃষি ভূমিৰো বিস্তৰ ক্ষতিসাধন হয়। বানত কৃষকৰ বাওধান শালি ধানৰ কঠীয়াৰ লগতে বহু বিঘা বড়ো ধানৰ খেতি নষ্ট হোৱাত মূৰে-কপালে হাত দিছে কৃষকে।

স্থানীয় ৰাইজে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই বানাক্ৰান্তৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰা দেখা গৈছে৷ সমষ্টিৰ অধিকাংশ এলেকা পানীত পোন্ধৰ দিন ধৰি বুৰ গৈ থকাত সেই সময়ত বানাক্ৰান্তৰ মাজত বিধায়কজন উপস্থিত নোহোৱাত বিধায়কজন ক’ত আছিল বুলিও ৰাইজে প্ৰশ্ন কৰে৷ আনহাতে পৰিৱৰ্তনৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা চৰকাৰখনেও বানপীড়িতক সহায় কৰাটো দূৰৰে কথা খবৰ এটাও নোলোৱাত ক্ষোভিত হৈ পৰিছে৷