newsnextone.com | কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী অঞ্চলত শ-শ লোকে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত চকুলো টুকিব লগা হয়৷ প্ৰতিটো বছৰে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকে মানুহৰ প্ৰাণ লোৱাৰ লগতে কৃষিপথাৰ, ঘৰ-দুৱাৰৰ ব্যাপক অনিষ্ট সাধন কৰি আহিছে৷ প্ৰতিটো বছৰে বনৰীয়া হাতীৰ জাক ওলাই অহাৰ পিছতে ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷

যাৰ ফলত শুকুৰবাৰে পুৱাই হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ৷ কঠিয়াতলী অঞ্চলৰ লুংপুঙত পুৱাই গাঁধুবলৈ যোৱাৰ সময়তে হাতীৰ জাকে শুৰেৰে আক্ৰমণ কৰাৰ ফলত নিহত হয় মহিলগৰাকীৰ৷ জানিব পৰা মতে, শুকুৰবাৰে পুৱাই নগাঁৱৰ ৰেংবেং চাহ বাগিচাৰ লুংপুঙৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীয়ে জুৰিত গাঁ-ধুবলৈ যােৱাৰ সময়তে বন্য হস্তীৰ সৈতে মুখামুখী হয়৷ তেনেতে জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে শুৰেৰে আক্ৰমণ কৰি প্ৰাণ লয় মালতী কৌৰ(৪৫) নামৰ মহিলাগৰাকীৰ। 

এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ স্থানীয় প্ৰশাসন আৰু বন বিভাগৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰে৷ শ-শ লোক ওলাই আহি ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত মহিলাৰ মৃতদেহ লৈ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ ফলত পথৰ দুয়োকাষে শ-শ যান বাহন আৱদ্ধ হৈ পৰে৷ 

মহিলাগৰাকীৰ মৃতদেহ লৈ ৩৬নং ৰাষ্ট্ৰীয় পথ অবৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে। পথ অৱৰোধৰ ফলত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি ঘণ্টা ধৰি গাড়ী মটৰৰ চলাচল বন্ধ হৈ পৰে। ঘটনাস্থলীত কামপুৰ ৰাজহ চক্ৰ বিষয়া, নগাঁও, কঠীয়াতলী আৰু কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে মহিলাৰ পৰিয়ালক উপযুক্ত ক্ষতি পূৰণ দিয়াৰ আশ্বাস দিব লগা হয়৷ তাৰ পিছতহে পৰিস্থতি নিয়ন্ত্ৰণ হয়৷

তিনিদিন পূৰ্বে ৰেংবেংত তাণ্ডৱ চলোৱা বন্যহস্তীয়ে প্ৰাণ লয় মহিলাগৰাকীৰ। দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছে কঠীয়াতলী আঞ্চলিক বন কাৰ্যালয় যদিও কুম্ভকৰ্ণ নিদ্ৰাত থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ক্ষোভিতঅঞ্চলবাসীয়ে।

হাতী-মানুহৰ সংঘাত এতিয়া কামপুৰৰ ৰাইজৰ বাবে চিৰ পৰিচিত এটা দৃশ্য৷ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই আহিছে৷ যাৰ ফলত নিহত হৈছে কেইবাজনো লোকো৷

শস্য পথাৰৰ পৰা ঘৰ দুৱাৰ আৰু মানুহৰ ওপৰত চলোৱা বন্য হস্তীৰ সন্ত্ৰাসত ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজ ভয়ে ভয়েহে জীয়াই থাকিবলৈ বাধ্য হৈছে৷

কিন্তু তাৰ পিছতো অসহায় বন্য বিভাগ কিম্বা প্ৰশাসন৷ বন্য হাতীৰ তাণ্ডৱ ৰুধিব নোৱাৰি যেন তাণ্ডৱলীলা দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে প্ৰশাসন৷ বন ভাঙি মানুহৰ বসতি বাঢ়ি অহাৰ লগে লগে বৃদ্ধি ঘটিছে বন্য হাতীৰ উপদ্ৰৱ৷

দিনে দিনে বৃদ্ধি পাইছে বন্য হাতীৰ তাণ্ডৱ৷ বনৰীয়া হাতীৰ তাণ্ডৱ যেন আজিকালি নতুন কথা নহয়৷ বিভিন্ন অঞ্চলত বনৰীয়া আক্ৰমণ চলাই শস্যক্ষেত্ৰ, ঘৰ-বাৰীৰ লগতে কেইবাগৰাকীও লোকক মৃত্যুৰ ঘাটলৈ থেলি দিয়াৰ বাতৰি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷