কামপুৰঃ নগাঁও জিলাৰ কামপুৰত সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৩ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সংগীত মহোৎসৱত গীত পৰিবেশন কৰিব যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ লগতে ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে।
কামপুৰ সমন্বয় যুৱক সমাজৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সংগীত মহোৎসৱ ২৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও জুবিন গাৰ্গৰ ব্যক্তিগত পৰিচালক নৱজিত শৰ্মাৰ অকাল বিয়োগৰ বাবে অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল৷