গোৱালপাৰাঃ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ লোৱা এগৰাকী অসমীয়া খেলুৱৈৰ কথা এয়া৷ গোৱালপাৰা জিলাৰ বলবলাৰ গেলেন্দিয়াডোবাৰ অতিকে পিছপৰা গাঁৱৰ যুৱতীগৰাকীৰ বুকুত অযুত সপোন৷

অসমক উজলাই তোলাৰ অদম্য হেঁপাহ থকা ৰাঙাতুলিৰ এই প্ৰতিভাৱান খেলুৱৈগৰাকীৰ নাম ছিলচা ডি চাংমা৷ কিক্-বক্সিঙৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা চাংমাইয়ে এটাৰ পিছত এটাকৈ বুটলিছে মেডেল৷

পিছে অসমৰ নাম বিশ্বৰ দৰবাৰত উজলাই তুলিবলৈ অফুৰন্ত উৎসাহ থকা খেলুৱৈগৰাকীৰ জীৱনলৈ নামি আহিছে চৰম হতাশা৷

জুপুৰি সদৃশ ঘৰটোতেই অনুশীলন কৰি থকা খেলুৱৈগৰাকী নিৰ্বাচিত হৈছে ২২ তম চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপলৈ৷ অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ স্থান লাভ কৰা গোৱালপাৰাৰ এই খেলুৱৈগৰাকীৰ কেৰিয়াৰত পিছে প্ৰাচীৰৰূপে থিয় দিছে দৰিদ্ৰতাই।

মুম্বাইলৈ যোৱাতো বাদেই, অনুশীলনৰ বাবেও হাতত নাই ধন চাংমাইৰ ৷ চৰকাৰৰ ফালৰ পৰাও এতিয়ালৈ নাই কোনো সহায়ৰ হাত৷শংকিত হৈ পৰিছে পিতৃ দুৰ্গা বড়ো আৰু মাতৃ ফ্ৰাইডিচ ডি চাংমা ৷

উপায়ন্তৰ হৈ ৰাইজৰ কাষ চাপিবলৈ বাধ্য হৈ পৰিছে খেলুৱৈগৰাকীৰ পিতৃ-মাতৃ৷ ৮ ফেব্ৰুৱাৰীৰ পূৰ্বে কোনো সদাশয় ব্যক্তিয়ে চেণ্ট্ৰেল বেংক অব ইণ্ডিয়াৰ 3494368774 নং একাউণ্টত চিলচা ডি চাংমা(Silsa D Sangma)ক সহায়ৰ হাত আগবঢ়াব পাৰে। এই অনুৰোধ দৰিদ্ৰ পৰিয়ালটোৰ৷