সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ...

Home ৰাজ্যসদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

by News Desk
60 views
A+A-
Reset

কাৰ্বি আংলংঃ  সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যজুৰি ছাত্ৰ সন্থাৰ কৰ্মীসকলে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত তীব্ৰ ক্ষোভ আৰু আন্দোলন অব্যাহত থকাৰ সময়তে যোৱা ২৭ জানুৱাৰীত নলবাৰী জিলাৰ ঘগ্ৰাপাৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ একাংশ নেতা-কৰ্মীয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ছাত্ৰ সন্থাৰ কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰাৰ প্ৰতিবাদত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ 

পাহাৰীয়া জিলা কাৰ্বি আংলংতো সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি বৰা আৰু সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেৰ নেতৃত্বত শতাধিক আছু কৰ্মীয়ে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদস্থলীত আছু কৰ্মীয়ে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে, আছু কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, বিজেপি হায় হায়, আৰ এছ এছ মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ আছুৰ এই এঘণ্টীয়া অৱৰোধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কেইবা শতাধিক সৰু-বৰ গাড়ীৰ যাতায়ত স্তব্ধ হৈ পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0