Home ৰাজ্যবোকাজানত হঠাৎ সন্ধানহীন হ’ল ৪ জনীকৈ ছোৱালী

বোকাজানত হঠাৎ সন্ধানহীন হ’ল ৪ জনীকৈ ছোৱালী

by News Desk
A+A-
Reset
84966704-3f4c-4db6-9f13-7c36ae245c24-crop

কাৰ্বি আংলংঃ  বোকাজান নগৰৰ ১ নং ৱাৰ্ডৰ মাধপপুৰ গাঁৱৰ ৪ গৰাকী ছোৱালী ৬ মে’ তাৰিখৰপৰা সন্ধানহীন হৈ থকা ঘটনাই বোকাজানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিবৰণী অনুসৰি ৬ মে’ৰ দিনৰ প্ৰায় ১১ বজাত বোকাজানৰ মাধপুৰ গাঁওৰ বাসিন্দা ৰাকেশ গগৈৰ জীয়ৰী টিনা গগৈয়ে কম্পিউটাৰ ক্লাছ কৰিবলৈ বুলি ঘৰৰপৰা ওলাই অহাৰ উপৰি একেখন গাঁৱৰে ৰাকেশ প্ৰসাদৰ দুই কন্যা পম্পী প্ৰসাদ আৰু নেহা প্ৰসাদৰ লগতে প্ৰয়াত জগত গ’ৰৰ জীয়ৰী ফুছু গ’ৰেও ঘৰৰপৰা ওলাই আহি বৰ্তমান লৈকে সন্ধানহীন হৈ আছে। 

টিনা গগৈ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ, পম্পী প্ৰসাদ দশম শ্ৰেণীৰ আৰু নেহা প্ৰসাদ অষ্টম শ্ৰেণীত শিক্ষাগ্ৰহণ কৰাৰ লগতে আনগৰাকী ফুছু গ’ৰে বৰ্তমানলৈ শিক্ষা গ্ৰহণ কৰা নাই। গধূলি সময়লৈ ৰাকেশ গগৈৰ কন্যা ঘৰলৈ ঘূৰি নহা দেখি পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও গাঁৱখনৰ চাৰিজনী ছোৱালী ঘৰলৈ ঘুৰি নহা বুলি জানিব পাৰে আৰু পাছত টিনা গগৈৰ ঘৰত টিনা গগৈয়ে এখন চিঠিত কেৱল ‘ মা মা….’ বুলি লিখি থোৱা দেখা পাই পৰিয়ালৰ কেইটাৰ মাজত মুহূৰ্ততে এক হুৱাদুৱা লাগে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0