ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ লংনিটত দেওবাৰে এক ভয়াৱহ পথ দূৰ্ঘটনাত ১৫-২০ জন লোক আহত হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে, দেওবাৰে ডিলাই থানা অন্তৰ্গত লংনিটত ডিফুৰপৰা গুৱাহাটী অভিমুখী এএছ ০১ ডিএম ৬৩১১ নম্বৰৰ ছুইফ্ট ডিজায়াৰখনৰ সৈতে ডিফুৰ চুতীয়ানালাৰ ছাই স্পৰ্টচ কমপ্লেক্সত অনুষ্ঠিত হৈ থকা বিজেপিৰ নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰিবলৈ আহি থকা এএছ ০২ বিচি ৫৮৩৪ নম্বৰৰ টাটা মোবাইল গাড়ী দুখনেৰে মুখামুখী সংঘৰ্ষ হৈ দুৰ্ঘটনা গ্ৰস্থ হোৱাৰ লগতে দুয়োখন বাহনৰ ১৫-২০ গৰাকী যাত্ৰী কম-বেছি পৰিমানে আহত হৈ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয়৷
ছুইফ্ট ডিজায়াৰখনত থকা কাৰবি আংলং জিলা কংগ্ৰেছৰ সম্পাদক অনিল বৰা আৰু তেওঁৰ পত্নী ত্ৰিবেণী বৰা লগতে জুলি টকবিপী গুৰুতৰভাৱে জখম হোৱা বুলি জানিব পৰা গৈছে৷