প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ আৰক্ষী আৰু আবকাৰী বিভাগৰ অজ্ঞাতে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ট্ৰাকে ট্ৰাকে অৰুণাচলী সুৰা অবৈধভাৱে চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে কাৰ্বি আংলং জিলাৰ লাহৰীজান আৰু ডিমাপুৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে৷ 

উল্লেখ্য যে, পূৰ্বতে এই অসাধু সুৰা ব্যৱসায়ীয়ে কাৰ্বি আংলং জিলাৰ মাজেদি যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা অবৈধ অৰুণাচলী সুৰা গোপনে নগালেণ্ডলৈ নিয়াৰ বাবে ব্যৱহাৰ কৰি আছিল যদিও পাছত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এই অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায় বন্ধ হৈ পৰে৷ 

কিন্তু ১৩ জুলাই শনিবাৰে নিশা বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাওকাম ছাংছানৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ গাতে লাগি থকা লাহৰীজান অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ড্ৰিমস্কাই হোটেলৰ সন্মুখত এখন গাড়ীৰপৰা অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ 

আৰক্ষীয়ে এএচ-০৯-এচি-০৪৭৪ নম্বৰৰ মাৰুটি এষ্টাৰ গাড়ীখনৰপৰা কিং ফিছাৰ বিয়েৰৰ ১১ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে খটখটিৰে বাসিন্দা বীৰেণ সিংৰ পুত্ৰ তথা উক্ত অবৈধ সুৰা আৰু গাড়ীখনৰ গৰাকী বিক্ৰম সিং (৩৭) নামৰ এজন অসাধু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷ বিক্ৰম সিঙে উক্ত অবৈধ অৰুণাচলী সুৰাখিনি ডিমাপুৰৰ ভীম নামৰ এজন ব্যক্তিক বিক্ৰী কৰিবলৈ আনিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ 

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত কাৰ্বি আংলং জিলাৰ মাজেদি এই অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায় বন্ধ হোৱাত অতি চতুৰ এই অসাধু সুৰা ব্যৱসায়ীয়ে অবৈধ অৰুণাচলী সুৰা অৰুণাচলৰ বান্দৰদেৱাৰ বণ্ডেড ৱে'ৰ হাউছৰপৰা নুমলীগড় হৈ আনি ৰঙাজান গোলাঘাট হৈ ক্ৰমে জামুগুৰি, নাওজান, নগাবস্তি পথেদি চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ সৰবৰাহ কৰি পুনৰ তেওঁলোকৰ এই অবৈধ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰে৷ 

অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায়ীয়ে আনকি পূৰ্বতে খটখটি অঞ্চলত থকা তেওঁলোকৰ বৃহৎ বৃহৎ অবৈধ সুৰাৰ গুদাম সমূহো বৰ্তমান গোলাঘাট জিলাৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত ন-খুটি অঞ্চলৰ ফ'ব'ট' বস্তিত হস্তান্তৰ কৰি লয়৷ ফ'ব'ট' বস্তিৰ বাসিন্দা বোকাট' ছেমা নামৰ এজন নগা ব্যক্তিৰ গুদামত অৰুণাচলৰ পৰা অহা অবৈধ সুৰা মজুত কৰা হয় আৰু তাৰ পৰাই এটা কাৰ্টুন ১৫০০ টকাত কিনি ২০০০ টকা দামত ৭০ কিলোমিটাৰ অতি দুৰ্গম পথ অতিক্ৰম কৰি চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ লগতে কহিমালৈ এই অৰুণাচলী সুৰা সৰবৰাহ কৰা হয়৷ 

বৰ্তমান হৈ থকা মুষলধাৰ বৰষুণৰ বাবে উক্ত পথটো গধুৰ যানবাহন চলাচলৰ বাবে অনুপযুক্ত হৈ পৰাত লাহৰীজান আৰু ডিমাপুৰৰ অবৈধ সুৰাৰ ব্যৱসায়ী সকলে জিপছী, এষ্টাৰ, ছুইফ্ট আদি সৰু সৰু গাড়ীৰে গোলাঘাট জিলাৰ ন-খুটি অঞ্চলৰ ফ'ব'ট' বস্তিত থকা গুদামৰ পৰা কাৰ্বি আংলং জিলাৰ বোকাজান হৈ পুনৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগালেণ্ডলৈ এই অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰিবলৈ লয়৷  

অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ লাহৰিজানত অবৈধ অৰুণাচলী সুৰা জব্দ হোৱা ঘটনাই বৰ্তমানেও একাংশ অসাধু ব্যৱসায়ীয়ে কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে এনেদৰেই অসমৰ মাজেৰে অবৈধ ভাবে অৰুণাচলী সুৰাৰ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে ই পুনৰবাৰ প্ৰমাণিত কৰিলে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অবৈধ সুৰাৰ সৈতে জব্দকৃত গাড়ীখন খটখটি আৰক্ষী থানালৈ আনি এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷