প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ কাৰ্বি আংলংত অব্যাহত বন ধ্বংসযজ্ঞ। বোকাজান মহকুমাৰ চিলনীজানত অবৈধ খনন বৰ্তমানেও অব্যাহত আছে। কয়লা মাফিয়াৰ বুঢ়া আঙুলি প্ৰদৰ্শন আৰক্ষী প্ৰশাসনক।
যোৱা ১২ জুলাই তাৰিখে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক নোমল মমিনে খনিজ আৰু খনিজাত সম্পদ বিভাগৰ মন্ত্ৰী চুম ৰংহাংসহ চিলনীজান কয়লা খনন স্থানত আকস্মিকভাৱে উপস্থিত হৈ উক্ত স্থানত অব্যাহত থকা কয়লা খনন সম্পূৰ্ণ অবৈধ বুলি মন্তব্য কৰিছিল যদিও এটা সপ্তাহৰ ভিতৰতে পুনৰ আৰম্ভ হয় কয়লাৰ অবৈধ খনন কাৰ্য।