69
কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ সৰিয়হজানৰ হিড়িম্ব সমন্বয় ক্ষেত্ৰত যোৱা ৫ জানুৱাৰীৰপৰা অনুষ্ঠিত হৈ থকা তৃতীয় বাৰ্ষিক মেচ-কছাৰী সাংস্কৃতিক মহোৎসৱৰ সোমবাৰে সফল সমাপ্তি ঘটে৷ মেচ কছাৰী সাংস্কৃতিক মহোৎসৱ ২০১৯ ৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত পুৱাৰ ভাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজ নিজ কলা-কৃষ্টি প্ৰদৰ্শনেৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে৷
